Monday, November 4, 2019

অসমত অসমীয়াগিৰী কেনেকৈ কৰিব - Highhanded Nature of Assamese in Assam

আমি যে কথাই কথাই অসমত অসমীয়াগিৰী চলিব লাগে বুলি কৈ ফুৰোঁ, অসমত বাৰু অসমীয়াৰ অসমীয়াগিৰী চলি থাকিবনে সঁচায়ে ? 
                              ≈ অসমত #অসমীয়াগিৰী ≈
আজি বহু অসমীয়াই কাতি বিহু পালন কৰাটো দুৰৰে কথা, কাতি বিহুৰ আন এটা নাম কি তাকে নাজানে ৷ বহুতে আলি-আয়ে-লিগাং খাই নে কাণত পিন্ধে তাকো নাই শুনা ৷
কিন্তু ব’ল ব’ম, ধনতেৰাচ কিম্বা ষট আহিলে বহু অসমীয়াৰ ওলাহে নধৰা হয় ৷ আজিৰ পৰা কিছু বছৰৰ আগলৈকে এই উৎসৱ সমুহৰ নামেই শুনা নাছিলোঁ, কিন্তু এতিয়া যেনিবা চৰকাৰৰ কৃপাত এদিন বন্ধও লাভ কৰিলোঁ আৰু ষট পুজা বুলি পানীত নামি পুণ্য অকনো আৰ্জিলোঁ ৷
এতিয়া মূল কথালৈ আহোঁ:

এই বহিৰাগত উৎসৱ সমুহ আমি যিমান উৎসাহেৰে পালন কৰোঁ, নিজৰ জাতীয় সংস্কৃতি সমুহক কিয় আলৈ-আথানি কৰোঁ ?
কোনো বেলেগ এটা সম্প্ৰদায়ৰ এটা সংস্কৃতিক আদৰি লোৱাটোত কোনো আপত্তি নাই, কিন্তু সেই বেলেগ সম্প্ৰদায়ৰ লোক সকলে আমাৰ সংস্কৃতিক আদৰি লৈছেনে নাই সেয়াও বিচাৰ কৰি চাব লাগে ৷
বেলেগ এখন ৰাজ্যৰ পৰা এটা সম্প্ৰদায় আহি অসমত থিতাপি ললেহি আৰু তেওঁলোকৰৰ উৎসৱ এটা জাকে-জমকেৰে পালন কৰিবলৈ ললে ৷ কিছু অসমীয়াই সেই জাক-জমকতাত ভুলগৈ তাত যোগ দিলেগৈ আৰু জিলিক-জালাক লাইটৰ পোহৰৰ আগত এতিয়া তুলসী তলৰ মাটি চাকি গছিও এলাগী হৈ ৰ’ল ৷

এতিয়া আকৌ আমাৰ মাজৰ এচামে নিজকে হিন্দু বুলিহে পৰিচয় দিয়ে, অসমীয়া বুলি নহয় ৷ সেয়ে তেওঁলোকে বোলে সকলো হিন্দু উৎসৱ পালন কৰিব ৷ তেওঁ লোকৰ গাত অৱশ্যে দোষ নাই, কাৰণ এয়া পৰিবৰ্তনৰ ফল ৷ কিন্তু নিজৰ জাতীয় ঐতিহ্যক পাহৰি, জাতীয় সংস্কৃতিক এলাগি কৰি আনক অনুকৰণ কৰিবলৈ গলে যে এদিন নিজৰে পৰিচয় হেৰাব সেয়া চিৰসত্য ৷
কাৰোবাক New year বা ঈদৰ শুভেচ্ছা দিয়াটো বেয়া বুলি নাভাবোঁ, কিন্তু তুলসী তলত চাকি নজলাই গীৰ্জাত মম জলোৱা অসমীয়া জনক আৰু কি বুলি কম ?

আনৰ সংস্কৃতিক সন্মান কৰক, নিজৰ সংস্কৃতিক সভ্য ভাৱে পালন কৰক আৰু নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ শিকক, নহলে অসমত অসমীয়াগিৰী দুৰৰে কথা, উশাহ লবলৈও আনৰ অনুমতি লব লাগিব ৷
#কৌস্তুভ

0 comments:

Post a Comment