Monday, December 30, 2019

আপুনি কিমান জাতীয়তাবাদী, কিমান ভাল পায় অসমক, অসমীয়াক ? A Post on Nationalism and Regionalism

আপুনি কিমান জাতীয়তাবাদী ? কিমান ভাল পায় অসমক, অসমীয়াক ?
আপোনাৰ জাতীয়তাবাদৰ সংজ্ঞাক কিহেৰে নিৰূপণ কৰিব ?

A Post on Nationalism and Regionalism


পৰিবৰ্তনৰ আশাত ভোট দিলোঁ, চৰকাৰ সলনি হ’ল ৷ CAB গুচি CAA হ’ল ৷ পদুম ফুলৰ ছবি আঁকি থোৱা সৰু সৰু ঘৰ বোৰ দুমহলীয়া হ’ল ৷ (অৱশ্যে অসম-বাংলাদেশৰ সীমাত থকা বাহঁৰ খুটি কেইটা লোহাৰ নহ’ল) ৷ মুঠৰ ওপৰত ক’ৰবাত নহয় ক’ৰবাত পৰিবৰ্তন হ’ল ৷

CAB গৃহীত হোৱাৰ লগে লগে ৰাজ্যত সৃষ্টি হ’ল অভুতপূৰ্ৱ পৰিবেশ ৷ যিটো হয়টো আমাৰ কুমন্ত নাইবা পুতলানন্দই কল্পনাই কৰা নাছিল ৷ হাজাৰ বিজাৰ লোকে দিনে ৰাতিয়ে ৰাজপথ কপালে ৷ পুলিচৰ লাঠীৰ কোব, নিৰাপত্তাৰক্ষীৰ গুলি সহিলে প্ৰতিবাদ কাৰীয়ে ৷ প্ৰাণ গ’ল অসমীয়া তেজাল ডেকাৰ । প্ৰায় ৬/৭ দিন ধৰি ৰাজ্যত অচলাৱস্থাৰ সৃষ্টি হ’ল ৷ বন্ধ হৈ পৰিল সকলো ব্যৱসায়, বাণিজ্য আৰু সেৱা ৷

এতিয়া মূল কথালৈ আহোঁ:


≈ বন্ধৰ শেষত দোকান খোলাৰ লগে লগে আলো-পিঁয়াজ বিচাৰি বজাৰ পালোগৈ ৷ ৰাষ্টাটোৰ দুয়োপাৰে মুখা-মুখিকৈ দুখন গেলামালৰ দোকান ৷ প্ৰথমে অসমীয়া লোক জনৰ দোকানত সোমাই সামগ্ৰীৰ দাম সুধিলো, আলো প্ৰতি কেজিত ৪০ টকা আৰু পিঁয়াজ ২০০ টকা ৷

এইবাৰ মাৰোৱাৰী লোক জনৰ দোকানলৈ গ’লো, আলো কেজি ২৮ টকা, পিয়াঁজ ১২০ টকা প্ৰতি কেজি ৷

(নিজৰ মুনাফা আদায়ৰ সময়ত কিছুমান সুবিধাবাদীৰ জাতীয়তাবাদ কেনিবা পলাল)

≈ পিছদিনা ডিপোত তেল ভৰাবলৈ গ’লোঁ ৷ ডিপোৰ কৰ্মচাৰী জনে হিন্দীত কথা কোৱাত অলপ ধমকি দি অসমীয়া কোৱালোঁ আৰু তেল ভৰাই আহি কিছু বস্তু কিনিবৰ বাবে এখন দোকানলৈ গ’লোঁ ৷ দোকান খন অনাঅসমীয়া মানুহ এজনৰ ৷ যদিওবা অনাঅসমীয়া, কিন্তু অসমীয়া কথা-বতৰাত কোনো ভাঁজ নাই ৷ মোৰ সৈতে ভাল চিনাকি ৷ দোকানৰ গৰাকী আৰু তেওঁৰ পত্নীৰ সৈতে বৰ্তমান পৰিস্থিতি সম্পৰ্কে কিছু কথা পাতি আছিলোঁ ৷ তেনেতে হাড়ে-হিমজুৱে অসমীয়া চিনাকি যুৱক এজন দোকানলৈ আহিল আৰু আধা-কেচেলুৱা হিন্দীত সামগ্ৰী বিচাৰি দোকানৰ মালিকৰ সৈতে কথা পাতিবলৈ ধৰিলে ৷

(জাতীয়তাবাদ ৰাষ্টাত জ্বলোৱা টায়াৰৰ ধোঁৱাত উৰি গ’ল)

এয়া মাত্ৰ এক সামান্য উদাহৰণহে ৷ জাতীয়তাবাদৰ শ্লোগান দিয়া কিছু অসমীয়াৰ হাততে এনেকৈয়ে লুণ্ঠিত হয় জাতীয়তাবাদে ৷

≈ অসমত থাকি অসমীয়া এজনে "মোৰ ল’ৰাই অসমীয়া ক’ব নাজানে" বুলি ডাংকোপ মাৰিলে দেশপ্ৰেম আৰু জাতীয়তাবাদে লাজত মুখ লুকুৱাই ।

≈ অসমীয়া ভাষা-সাহিত্যৰ আলোচনা সভা খনত আমাৰ দুই এজনে যেতিয়া নামটো ইংৰাজীত লিখে, ক’ত হেৰাই তেতিয়া বিবেক ৷

অসমত যদি অসমীয়াই মাতৃ ভাষা ক’বলৈ লাজ কৰে, অসমীয়াই যদি অসমীয়াকে লুটি-পুটি খায়, তেন্তে বিদেশী নহিলেও অসমত অসমীয়া এদিন ভগনীয়া হ’ব ৷ জাতীয়তা বাদী বুলি কৈ ৰাষ্টাত শ্ল'গান দিলেই জানো এজন ব্যক্তি সঁচা অৰ্থত জাতীয়তাবাদী হৈ পৰে, যদিহে তেওঁৰ অন্তৰত জাতীয়তাবাদী সত্ত্বা নাথাকে ৷ সেয়েহে সুধিছোঁ, আপুনি কিমান জাতীয়তাবাদী ।

অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ যুজত নামিছে আজি সকলো অসমীয়া ৷ প্ৰতিবাদী কণ্ঠই আকাশ কপাইছে ৷ কিন্তু, ইয়াৰ ওপৰিও আমাৰ কিছু কৰণীয় আছে ৷

>> অসমীয়া লিখক Facebook, WhatsApp, Social Media সবতে, সকলোতে অসমীয়া কওক আৰু সন্মুখত থকা জনকো অসমীয়া কবলৈ বাধ্য কৰাওক ৷

>> প্ৰতিজন অসমীয়া ব্যৱসায়ীয়ে প্ৰতিস্থানৰ ফলকখনত (Signboard) প্ৰথমে অসমীয়া ভাষা ব্যৱহাৰ কৰক আৰু আনকো অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাওক ৷

>> নিজৰ সন্তানটোক যি মাধ্যমতে পঢ়াওক, কিন্তু তেওঁক অসমীয়া ভাষা কবলৈ, পঢ়িবলৈ আৰু লিখিবলৈ শিকাওক।

>>কোনো এজন অসমীয়া যদি অনা-অসমীয়াৰ হাতত লাঞ্চিত হৈছে, তেন্তে বিনাচৰ্তে অসমীয়া জনৰ সপক্ষে ঠিয় দিয়ক । অসমীয়াৰ ভুলৰ বিচাৰ অসমীয়াই নিজেই কৰিব লাগে । কাৰণ অনা-অসমীয়াৰ জন অভিভাৱক নহয় । আৰু মাত্ৰ ৰাষ্টাতে নহয়, সকলো ক্ষেত্ৰতে চলাই যাওক জাতিক বচোৱাৰ সংগ্ৰাম ।

যিকোনো এটা ভাষা আয়ত্ত কৰাটো এটা ডাঙৰ গুণ, কিন্তু সেই ভাষাটো জানোবুলি ডাংকোপ মাৰি নিজ মাতৃভাষাক অৱহেলা কৰা জন মহামূৰ্খ ।

পুনৰ কৈছোঁ,
নাগৰিকত্ব সংশোধনী আইন (CAA) 2019 আমি নামানো ।
I Oppose Caa.
জয় আই অসম ।।

#কৌস্তুভ

0 comments:

Post a Comment