Friday, January 3, 2020

CAA ৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াৰ যোগে প্ৰতিবাদ আৰু কিছু পদক্ষেপ - Protest Against CAA


সকলো অসমীয়া ৰাইজলৈ এটা অনুৰোধ । পাৰিলে এবাৰ পঢ়িব ।

✍️ #কৌস্তুভ

কংগ্ৰেছ দলৰ দশকযোৰা অনুশাসনহীন শাসনত দেশৰ লগতে অসমৰ ৰাইজো অতিস্থ হৈ পৰিছিল আৰু প্ৰত্যেকজন লোকেই দেশৰ শাসন, ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক দিশত সঁচা অৰ্থত এক পৰিবৰ্তন বিচাৰিছিল । আৰু তাৰেই ফলশ্ৰুতিত শাসনলৈ আহিল ভাৰতীয় জনতা পাৰ্টী বা বিজেপি । অৱশ্যে এই বিষয়ে সকলো জ্ঞাত আৰু এই কথাটো কবলৈ লেখাটো লিখা হোৱা নাই ।

আছল কথাটো হ’ল, ইমান সহজে আৰু সোনকালে BJP কেনেকৈ জনপ্ৰিয় হ’ল যে প্ৰায় সমগ্ৰ ভাৰততে অতি কম সময়তে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰিলে ? জনসাধাৰণে কেনেকৈ জানিলে যে BJP য়ে পৰিবৰ্তন আনিব । ইয়াৰ হয়টো বহুত কাৰণ আছে, কিন্তু বিজেপিৰ এই সফলতাৰ এটা অন্যতম প্ৰধান কাৰণ হ’ল Social Media, যেনে Facebook, Twitter, YouTube, Instagram ইত্যাদি ৷ আৰু ইয়াৰে ভিতৰত Facebook আৰু Twitter অন্যতম ৷ 



বৰ্তমান দেশৰ প্ৰায় আধাতকৈও অধিকলোকে ছচিয়েল মিডিয়া ব্যৱহাৰ কৰে আৰু এই ছ’চিয়েল মিডিয়াৰ জৰিয়তেই এসময়ত BJP য়ে এনে প্ৰচাৰ চলালে (বৰ্তমানেও চলাই আছে) যে দেশৰ জনতা, বিশেষকৈ যুৱচামে ভাবিবলৈ বাধ্য হ’ল যে সঁচাকৈয়ে বিজেপিয়ে পৰিবৰ্তন আনিব ৷ এসময়ত মইয়ো তেনেকৈয়ে ভাবিছিলোঁ । এই প্ৰচাৰ চলাবলৈ IT Cell খুলিলে, কম্পিউতাৰত copy paste কৰিব জনা লোকক কিছু দৰ্মহা প্ৰদান কৰি প্ৰচাৰৰ দ্বায়িত্ব দিলে ৷ আৰু তৃণমূল পৰ্যায়ৰ কৰ্মী সকলেও এই ক্ষেত্ৰত যথেষ্ঠ আগভাগ ললে ৷ এই প্ৰচাৰ ইমানেই জোৰদাৰ হ’ল যে আমি সকলোৱে ভাবিবলৈ বাধ্য হ’লো যে সঁচাই বিজেপিয়ে এটা পৰিবৰ্তন আনিব ৷ আৰু এই উদেশ্যত বিজেপিয়ে আশা কৰাৰ দৰেই সফল হ’ল ৷

বাৰু, বিজেপিৰ কথা বাদ দিলোঁ ৷ এইবাৰ আমাৰ কথালৈ আহোঁ ৷ কথাটো হ’ল, যদি বিজেপিয়ে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি শাসনলৈ আহিব পাৰে, তেন্তে আমিও চোন এই মিডিয়াৰ জৰিয়তেই বিজেপিৰ কু-শাসন অসমৰ পৰা আঁতৰাব পাৰোঁ ৷ ইতিমধ্যে এই বিষয়ে কেইবাজনেও লিখিছে ৷ কিন্তু তাৰ আগতে আমাৰ কৰিবলগীয়া কাম কেইটামান আছে ৷

প্ৰথমে আমি নিজক সংযত কৰিব লাগিব ৷ এতিয়া দেখাযায় যে বিজেপিৰ IT Cellৰ 1500 টকীয়া (এতিয়া পিছে দৰ্মহা বাঢ়িছে নেকি, অলপ বেছিকৈ চিঞঁৰি আছে Facebook অত) সকলে একেটা প’ষ্টকে copy Paste কৰি কৰি Facebook বা Twitterঅত দি থাকে আৰু সিহঁতৰ অৰ্থহীন আৰু বিভেদকামী প’ষ্টবোৰ দেখি আমাৰো মগজ গৰম হৈ যায় আৰু সিহঁতক যুক্তি দিবলৈ যাওঁ । আছলতে তাতেই আমি ভুলটো কৰোঁ ৷ আমি যিমানেই এই প’ষ্ট বোৰত React বা comment দিওঁ, সিমানেই এইবোৰ social media ত বেছিকৈ বিয়পি যায় বা viral হৈ যায ৷ আৰু IT cell ৰ কৰ্মীবোৰ উদেশ্যও এইটোৱেই ৷ কোনো এজন ব্যক্তি বা এটা পেজৰ এনে ধৰণৰ এটা পোষ্ট viral হ’লে পৰৱৰ্তী পোষ্টবোৰো নিজে নিজেই viral হৈ যায় ৷

সেই গতিকে আমি নিজক সংযত কৰি এই প’ষ্টবোৰ এৰি চলিব লাগিব আৰু তাত কোনো like, commet কৰিব নালাগিব ৷ আৰু মুৰ্খৰ লগত যুক্তি তৰ্ক কৰিলে একো ফল নধৰে, বৰঞ্চ নিজৰহে সময় নষ্ট হয় । এনে প’ষ্ট দিয়া অন্ধ ভক্তবোৰক unfriend আৰু unfollow কৰিব লাগিব, page বোৰ unlike কৰিব লাগিব আৰু facebook গ্ৰুপ বোৰৰ পৰা ওলাই আহিব লাগিব ৷ তেনে কৰিলে IT Cell ৰ এই প’ষ্টবোৰে Facebook অত প্ৰাধান্য নোপোৱা হ’ব আৰু সিহঁতৰ প্ৰচাৰ লাহে লাহে কমি আহিব ৷

 দ্বিতীয়তে, আমি ৰাষ্টাৰ সমান্তৰালকৈ Facebook, Twitter ৰ যোগেদিও এখন আন্দোলন চলাই নিব লাগিব আৰু যি বিজেপিয়ে ছ’চিয়েল মিডিয়াৰ যোগেদি নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছিল, এতিয়া আমিও Social Mediaৰ যোগেদিয়েই বিজেপিৰ সেই দমন নীতিক উৎখাত কৰিব লাগিব ৷ মানুহক জাগ্ৰত কৰি ৰাখিব লাগিব ৷ কাৰন অসমীয়াৰ এটা বৈশিষ্ট আছে যে আমি ভুলবোৰ সহজে পাহৰি যাওঁ আৰু মানুহক সহজে ক্ষমা কৰি দিওঁ ৷ সেয়েহে আমি মানুহক Social Media যোগে বা মুখা-মুখিকৈ বুজাই যাব লাগিব, জাগ্ৰত কৰি যাব লাগিব ৷ তেতিয়াহে 2021 ত বিজেপিয়ে নিজৰ কৰ্মফল লাভ কৰিব ৷

 আমাৰ প্ৰতিবাদ আৰু মতামতৰ ভাষা গণতান্ত্ৰিক হ’ব লাগিব ৷ কেতিয়াও কোনো ক্ষেত্ৰতে অগণতান্ত্ৰিক মন্তব্য আৰু প’ষ্ট দিব নালাগিব ৷ কাৰণ আমাৰ এই সৰু সৰু ভুলতে চৰকাৰ আৰু প্ৰশাসনে মিছাতে ৰাষ্ট্ৰদ্ৰোহীতাৰ গোন্ধ পাব পাৰে ৷ পিছৰখিনি বুজিছেই নহয় ?

 পুনৰ কৈছোঁ, আমাৰ প্ৰধান কাম হ’ব লাগিব 1500 টকীয়া আৰু ভক্ত বোৰব দূৰতে বিদূৰ কৰা ৷ ইহঁতৰ কথাত বা পোষ্টত কোনো Like, React আৰু Comment নকৰিব ৷ যিমানে ক’ব সিমানে এই পোষ্টবোৰ Facebook ত বিয়পি পৰে আৰু ইহঁতৰে লাভ হয় ৷ সেয়ে WhatsApp, Facebook বা Twitter অত দেখা মাত্ৰকে Block কৰিব, unfollow কৰিব, YouTube চেনেলবোৰ Unsubscribe কৰিব আৰু সকলোৱে এনে কৰিলে ইহঁতৰ কথাই এদিন সকলোতে গুৰুত্ব নোপোৱা হ’ব ৷

আৰু লগতে আমি আমাৰ প্ৰাপ্যৰ বাবে এই গণতান্ত্ৰিক আন্দোলন চলাই যাব লাগিব ৷

[মই কোনো ৰাজনৈতিক দলৰ সমৰ্থক বা কাৰ্যকৰ্তা নহয় ৷ কাৰণ অসমত এতিয়া সমৰ্থন যোগ্য ৰাজনৈতিক দলেই নাই ৷]
ধন্যবাদ 🙏
আমি CAA নামানো,
জয় আই অসম ৷

0 comments:

Post a Comment